ৰিয়ান পৰাগ হ'ব টীম ইণ্ডিয়াৰ পৰৱৰ্তী বিৰাট কোহলী!

DY365
DY365
Published: October 5,2024 03:32 PM
DY365

Story highlights

ৰিয়ান পৰাগ হ'ব টীম ইণ্ডিয়াৰ পৰৱৰ্তী বিৰাট কোহলী!

ৰিয়ান পৰাগ হ'ব টীম ইণ্ডিয়াৰ পৰৱৰ্তী বিৰাট কোহলী! 
 টীম ইণ্ডিয়াৰ পৰৱৰ্তী বিৰাট কোহলী হ'ব অসম সন্তান ৰিয়ান পৰাগ। টি-২০ ক্ৰিকেটত ৰিয়ান পৰাগে পূৰ কৰিব বিৰাট কোহলীৰ স্থান। ৰিয়ান পৰাগক লৈ এই ভৱিষ্যতবাণী টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা স্পীনাৰ হৰভজন সিঙৰ। চলিত বৰ্ষত বাৰ্বাডোজত টি-২০ বিশ্বকাপ জয়ৰ পিছতেই ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। টি-২০ ক্ৰিকেটত ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ স্থান কোনে ল'ব এই বিষয়টোৰ চৰ্চা চলি থকাৰ সময়তেই বিশ্বকাপ বিজয়ী প্ৰাক্তন তাৰকা খেলুৱৈ হৰভজন সিঙে এক সাক্ষাৎকাৰত মন্তব্য কৰিছে যে সম্প্ৰতি ক্ৰিকেট জগতত নিজৰ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেট দলৰ ৰাজহাড় বিৰাট কোহলীৰ স্থান পূৰ কৰিব পাৰে।  
উল্লেখ্য যে IPL ত ৰাজস্থান ৰয়েলছৰ হৈ কৰা দুৰ্দান্ত প্ৰদৰ্শনৰ পিছত  চলিত বৰ্ষৰ জুলাই মাহত জিম্বাবুৱে ভ্ৰমণত টি-২০ শৃংখলাৰ জৰিয়তে ভাৰতীয় দলৰ হৈ অভিষেক ঘটিছিল ৰিয়ান পৰাগৰ। ইয়াৰ পিছতেই শ্ৰীলংকা ভ্ৰমণতো ভাৰতীয় দলত স্থান লাভ কৰিছিল ৰিয়ানে।মিডল অৰ্ডাৰত এগৰাকী বিস্ফোৰক বেটাৰৰ লগতে প্ৰয়োজনৰ সময়ত এগৰাকী স্পিনাৰ হিচাপেও শেহতীয়া সময়ছোৱাত ৰিয়ানে নিজকে প্ৰমাণ কৰিছে।বাংলাদেশৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাত ৰিয়ানে উৎকৃষ্ঠ প্ৰদৰ্শনৰ জৰিয়তে ভাৰতীয় দলত নিজৰ স্থান নিগাজি কৰাৰ এক সুৱৰ্ণ সুযোগ লাভ কৰিব।


Related

TWITTER

FACEBOOK